ভাৰতত অনুষ্ঠিত হবলৈ গৈ আছে কমনৱেলথ গেমছ ২০৩০।আহমেদাবাদক আয়োজক চহৰ হিচাপে ঘোষণা কৰিছে কমনৱেলথ আয়োজক কমিটিয়ে।এইয়া ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত কিয়নো ২০ বছৰ পাছত পুনৰ ভাৰতৰ মাটিলৈ উভতি আহিছে কমনৱেলথ গেমছ ।ইয়াৰ পুৰ্বে ২০১০ চনত দিল্লীত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।গ্লাছগোত অনুষ্ঠিত কমনৱেলথ স্পৰ্টছৰ সাধাৰণ পৰিষদত ৭৮ টা সদস্য দেশ আৰু অঞ্চলৰ অনুমোদন লাভ কৰাৰ পাছত আহমেদাবাদক আয়োজক চহৰ হিচাপে নিশ্চিত কৰা হয়।ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাক দায়িত্ব অৰ্পন কৰা হয়।ই হৱ কমনৱেলথ গেমছৰ শতবাৰ্ষিকী সংস্কৰণ কিয়নো প্ৰথমখন গেমছ ১৯৩০ চনত কানাডাৰ হেমিল্টনত অনুষ্ঠিত হৈছিল।কমনৱেলথ স্পৰ্টছে লগতে নিশ্চিত কৰিছে যে এই গেমছত ১৫ৰ পৰা ১৭ টা ক্ৰীড়া ইভেন্ট থাকিব যাৰ ভিতৰত এথলেটিকছ,সাতোঁৰ ,বক্সিং ,নেটবল আদি নিশ্চিত কৰা হৈছে।২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনে ভাৰতৰ ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজক হোৱাৰ উচ্চাকাংক্ষাকো এক গতি প্ৰদান কৰিব।কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডবিয়াই কয়, ‘‘ভাৰতে শতবাৰ্ষিকী কমনৱেলথ গেমছ আয়োজন কৰাটো এক গৌৰৱৰ মুহূৰ্ত । এনে বৃহৎ ইভেণ্ট আয়োজন কৰিবলৈ ভাৰত সক্ষম আৰু ২০৪৭ চনৰ ভিতৰত শীৰ্ষ পাঁচখন ক্ৰীড়া ৰাষ্ট্ৰৰ ভিতৰত ভাৰতে স্থান লাভ কৰিব ।’’