বন্দনা হাজৰিকা গুৱাহাটী,১৪ চেপ্তেম্বৰঃ মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাণ্ডৰ মূল অভিযুক্ত ইমৰান শ্বাহ চৌধুৰীক কালি দিল্লীত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ চহী জীলিয়াতিৰে লোহিত কনষ্ট্ৰাকচনে জনস্বাস্থ্য কাৰিকৰী বিভাগত এখন ৰ্ৱক অৰ্ডাৰ দাখিল কৰিছিল।ৰ্ৱক অৰ্ডাৰখনত মুখ্যমন্ত্ৰীৰ চহী সন্দেহজনক হোৱা বাবে বিভাগটোৱে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত কৰে
।ADCP বিবেকানন্দ দাসৰ নেতৃত্বত তদন্ত চলাই প্ৰথমে দিছপুৰ আৰক্ষীয়ে উক্ত কনষ্ট্ৰাকচনটোৰ সৈতে জড়িত চাৰিজন কৰ্মচাৰীক আটক কৰে।আৰু আটাইকেইজনক সোধা-পোছাৰ অন্তত ইমৰান শ্বাহ চৌধুৰীৰ নাম পোহৰলৈ আহে।কালি অসম আৰক্ষীয়ে দিল্লীত আত্মগোপন কৰা থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ইমৰান শ্বাহ চৌধুৰীক।লগতে ইমৰানৰ সহযোগী ৰাজীৱ কলিতাকো গ্ৰেপ্তাৰ কৰে বৰঝাৰ বিমান বন্দৰত আটক কৰে।