হোজাই ত বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন

Share
নিউজ ডেস্ক, ১২ জুলাইঃ  হোজাই ত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জিলাখনত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী গৰাকীয়ে বান বিধ্বস্ত পূৱ নাভাঙ্গা, দক্ষিণ কেন্দুগুৰি, ৰাজবাৰী আদি অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে। লগতে দক্ষিণ কেন্দুগুৰি অঞ্চলৰ বৰ নামঘৰৰ প্ৰাংগণত বানপীড়িত ৰাইজৰ লগত মাটিত বহি আলোচনাত মিলিত হয়। 
উল্লেখযোগ্য যে , ড০ হিমন্ত বিশ্ব শৰ্মাৰ হোজাই আগমনৰ খৱৰ পাই প্ৰিয়া দাস নামৰ এগৰাকী বিশেষ ভাৱে যুৱতীগৰাকীয়ে সোমবাৰে মুখ্যমন্ত্ৰীক সাক্ষাত কৰে। লগতে যুৱতীগৰাকীয়ে অৰুণোদয় আচঁনি দিবলৈ মুখ্যমন্ত্ৰীগৰাকীক  অনুৰোধ জনায়। 
তদুপৰি, হোজাইৰ বানপিড়ীত ১৮ হাজাৰ পৰিয়ালক ৩৮০০ টকাকৈ এককালীন সাহায্য দিয়াৰ লগতে, বানত সম্পূৰ্ণভাৱে   বিধ্বস্ত হোৱা পৰিয়ালক ৯৫ হাজাৰ টকাকৈ আদায় দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য় প্ৰকাশ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *