অনলাইন ড্ৰাইভিং লাইচেন্স প্ৰাপ্তি সেৱাৰ শুভাৰম্ভঃমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Share

ফাৰমিনা আহমেদ,২৯ অক্টোৱৰঃ২০২০ চনৰ ভিতৰত অসমৰ পৰিবহন বিভাগক সম্পূৰ্ণৰূপে অনলাইন ব্যৱস্থা প্ৰক্ৰিয়াৰে নতুন ৰুপ দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনলাইন ড্ৰাইভিং লাইচেন্স আৰু ডুপ্লিকেট লাইচেন্স প্ৰাপ্তি সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সাৰথি প’ৰ্টেলত আবেদন কৰি ২৮-৪৮ ঘন্টাৰ ভিতৰত ডুপ্লিকেট বা নৱীকৃত অনুজ্ঞাপত্ৰ লাভ কৰাটো সম্ভৱ হৈ উঠিব।২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত জিলা পৰিবহন কাৰ্যালয়ৰ আটাইবোৰ সেৱা অনলাইন মাধ্যমলৈ লৈ যোৱা হ’ব।ঘৰত বহিয়েই ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰিব।আজিৰ এই অনুষ্ঠানত পৰিবহন বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদী,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহন আয়ুক্ত আদিল খানাকে ধৰি জেষ্ঠ বিষয়াসকল  উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *