সুপ্রিয়া তৰফদাৰ
গুৱাহাটী,১৪ আগষ্ট : ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পাছত অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ বৃদ্ধি কৰিবলৈ বাধ্য হ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ গতি ৪০ ঘণ্টাত ৪০ কিলোমিটাৰৰ পৰা ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এই বিষয়ত নিৰ্দেশনা প্ৰদান কৰিছে। সেই অনুসৰি পৰিবহন বিভাগে বাহনৰ গতিবেগ সম্পৰ্কে নতুনকৈ জাৰি কৰিব এক জাননী।
ইয়াৰ উপৰিও নতুন গতিবেগ সম্পৰ্কীয় জাননীত জৰিমনাৰ ক্ষেত্ৰতো থাকিব কিছু সংশোধন। প্ৰথমবাৰলৈ গতিবেগ সম্পৰ্কীয় নিয়ম ভংগ কৰিলে ভৰিব নালাগে জৰিমনা। প্ৰথমবাৰৰ বাবে যদি কোনোৱে এই নিয়ম ভংগ কৰে তেনে তেওঁলৈ জাৰি কৰা হ এক জাননী।ইয়াৰ পাছত যদি তেওঁ পুনৰ সেই ভুল কৰে তেনেহ’লে তেওঁ নিয়ম অনুসৰি ভৰিব লাগিব জৰিমনা।