প্ৰথমবাৰৰ বাবে ভাৰতত ধৰা পৰিল মাংকিপক্সৰ নতুন ভেৰিয়েন্ট (Mpox new variant) ক্লেড-১বি (Clade 1B) ৰ সংক্ৰমণ। কেৰালাৰ মালাপ্পুৰমত এজন ব্যক্তি এমপক্সৰ ক্লেড ১ বিত আক্ৰান্ত হৈছে। এমপক্সৰ এই ভেৰিয়েন্টত প্ৰথমটো ৰোগী ভাৰতত ধৰা পৰিল। শেহতীয়াকৈ সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা উভতি আহিছিল ৩৮ বছৰীয়া ৰোগীজন। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে যোৱা মাহত বিশ্ব স্বাস্থ্য সংস্থাই এমপ’ক্সৰ নতুন ভেৰিয়েণ্ট ক্লেড ১ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। দেশলৈ উভতি অহাৰ পিছৰে পৰা জ্বৰত আক্ৰান্ত হৈছিল ৰোগীজন। ছালত ফোহা ওলায়। বহুখিনি চিকেনপক্সৰ দৰেই। ডুবাইৰ পৰা অহাৰ কিছুদিন পিছত তেওঁৰ শৰীৰত বিভিন্ন ধৰণৰ লক্ষণ দেখা গ’ল। ইয়াৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰীক্ষাৰ অন্তত ৰোগীজনৰ শৰীৰত এমপক্সৰ ক্লেড ১ সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে।