অসমত আজিৰ পৰা ১৭ জানুৱাৰীলৈ আৰম্ভ হৈছে মহানগৰ পথ সুৰক্ষা সপ্তাহ। এই পথ সুৰক্ষা সপ্তাহৰ প্ৰথমটো কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। লগতে তেওঁ ৰাজ্যৰ প্ৰতিটো সুৰাৰ বটলত ‘গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব’ শীৰ্ষক ষ্টিকাৰ লগোৱাৰ ব্য়ৱস্থা কৰাৰ বাবে আবকাৰী বিভাগৰ প্ৰধান সচিবক নিৰ্দেশ দিয়ে।
মূলতে তীব্ৰবেগী বাহন আৰু সুৰাপান কৰি গাড়ী চলাই সৃষ্টি কৰা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই নিৰ্দেশ জাৰি কৰিছে । আনহাতে এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত জি এছ ৰোডৰ পৰা খানাপাৰা অভিমুখী চলাচল কৰা চালক-হেণ্ডিমেন আৰু দুচকীয়া বাহন সমূহৰ আৰোহীসকলক উপহাৰ হিচাপে এটি গোলাপ ফুল প্ৰদান কৰা হয় ।