নিৰ্বাচনক লৈ সচেতন নহয় মহানগৰ নাগৰিক মাত্ৰ ৫২.৮০ শতাংশ লোকেহে সাব্যস্ত কৰিছে ভোটাধিকাৰ

Share
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন প্ৰায় চাৰি বছৰ পলমকৈ অনুষ্ঠিত হ’ল। কিন্তু লক্ষণীয় কথাটো হ’ল যে মহানগৰীত শিক্ষিত ব্যক্তিৰ হাৰ অধিক তথাপিতো ২২ এপ্ৰিলত যি নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনত মাত্ৰ ৫২.৮০ শতাংশ লোকেহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব অহা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে স্থানীয় বন্ধৰ ঘোষণা কৰা সত্বেও মহানগৰৰ ৰাইজে নিজৰ ভোট প্ৰদান কৰিবলৈ নাহিলে। 
উল্লেখ্য যে ৫৭ টা ৱাৰ্ডত ২২ এপ্ৰিলত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া কিন্তু এইবাৰ নিৰ্বাচনত ভোটগ্ৰহণত মাত্ৰ ৫২.৮০ শতাংশ ভোটাৰে ভোটদান কৰে। ৬০টা ৱাৰ্ডৰ ভিতৰত তিনিটা ৱাৰ্ড ক্ৰমে ৱাৰ্ড নং ৫, ৬ আৰু ২২ নং ৱাৰ্ডত তিনিজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বচিত হৈছে। অহা ২৪ এপ্ৰিলত পুৱা ৮ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *