তিব্বতৰ নাইংচি চহৰত উপস্থিত হ’ল চীনৰ ৰাষ্ট্ৰপতি

Share

অনালি শৰ্মা

বেইজিং ২৪ জুলাই : যোৱা এবছৰতকৈ অধিক কাল ভাৰতৰ সীমান্তত চীনৰ সৈতে এটা উত্তেজনা পূৰ্ণ পৰিৱেশ চলি থকাৰ সময়তেই আজি অৰুণাচলৰ কাষৰীয়া চীন শাসনাধীন তিব্বতৰ নাইংচি চহৰত উপস্থিত হয় চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং । তদুপৰি ২০১১ চনত দায়িত্বভাৰ গ্ৰহণৰ পাছত তিব্বত লৈ তেওঁৰ এইয়া প্ৰথম ভ্ৰমণ । ভাৰতে বিৰোধিতা কৰি অহা ছাংপু অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰীক্ষণ কৰাৰ লগতে তেওঁ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ উপত্যকাৰ পৰিৱেশ সুৰক্ষাৰো পৰ্যালোচনা কৰে । তেওঁ বৰ্তমান তিব্বতৰ ৰাজধানী লাছাত আছে । উক্ত নদীবান্ধটো নিৰ্মাণ কৰি চুবুৰীয়া ৰাষ্ট্ৰখনে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিছে। ৰাষ্ট্ৰপতি জনৰ প্ৰকৃত উদ্দেশ্যেক লৈ ভাৰতৰ কূটনৈতিক মহল এতিয়া শংকিত হৈ পৰিছে । ন্যিংচীক লাছাৰ সৈতে সংযোজিত কৰা ৰেলপথত চীনে অলপতে অৰুণাচল সীমান্ত লৈকে বিদ্যুৎ চালিত ৰে’লৰ চলাচল আৰম্ভ কৰিছে । উল্লেখ্য যে ১৯৯০ চনত চীনৰ তেতিয়াৰ ৰাষ্ট্ৰপতি জিয়াং জেমনৰ পিছত ঝি জিনপিং হ’ল তিব্বতৰ এই অঞ্চল পৰিদৰ্শন কৰা দ্বিতীয়জন ৰাষ্ট্ৰপতি ।

Leave a Reply

Your email address will not be published. Required fields are marked *