সুস্মিতা বৰা
ককিঅ’, ৬ আগষ্ট: আকৌ এবাৰ কণমানিয়ে মন জিনিলে, চলিত টকিঅ’ অলিম্পিক ত মহিলাৰ ডাইভিঙৰ দহ মিটাৰ প্লেটফৰ্ম শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে চীনৰ ১৪ বছৰীয়া কণমানি কুৱান হাংচানে। অলিম্পিক ত অংশগ্ৰহণ কৰা সকলোতকৈ সৰু এথলেট কুৱান হাংচান। ২০২০ চনত ১৩ বছৰ বয়সতে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো বিজয়ী হৈছিল কুৱান। আকৌ এবাৰ অলিম্পিক ত পদজয় কৰি সকলোৰে মন জয় কৰিলে কণমানি জনীয়ে। সচায় ইমান কম বয়সত এনেদৰে সফল হ’ব পৰাটো আৰু অলিম্পিক ত স্বৰ্ণ জয় কৰাটোও এক অতিকে গৌৰৱৰ বিষয় চীন দেশৰ কাৰনে।