ভাৰত নেপাল সীমান্তৰ সমীপত চীনৰ পুনৰ বান্ধ নিৰ্মাণ

Share

সীমান্তত পুনৰ বাৰ সক্ৰীয় হৈ পৰিছে ৰঙা চীন৷ কিছু দিন পূৰ্বে উপগ্ৰহৰ এক ছবি অনুসৰি দেখা পোৱা গৈছিল যে চীনে LAC ৰ পূব আৰু পশ্চীম খণ্ডৰ সামৰিক,আঁন্তঃগাথনি আৰু গাঁও নিৰ্মাণৰ কাম দ্ৰুতগতিত আৰম্ভ কৰিছিল৷ ইয়াৰ পাছতে পুণৰবাৰ নতুন উপগ্ৰহে প্ৰকাশ কৰা তথ্য অনুসৰি চীনে ভাৰত নেপাল সীমান্তৰ সমীপত গংগা নদীৰ উপনৈত তিব্বতত নতুন বান্ধ নিৰ্মাণ কৰিছে৷
ইন্টেল লেবচৰ ভূ-স্থানীয় চোৰাংচোৱা গবেষক ডেমিয়ান চাইমনে ১৯ জানুৱাৰী,২০২৩ ত টু্ইটাৰ যোগেদি শ্বেয়াৰ কৰা ছবি অনুসৰি ২০২১ চনৰ মে মাহৰ পৰাই চীনে আঁন্তঃগাথনি উন্নয়ন কৰি তিব্বতৰ বুৰাং কাউন্টিত মাবজা জাংবো নদীত বান্ধ নিৰ্মাণ কৰি আছে৷তথ্য অনুসৰি বান্ধ টোৰ দৈৰ্ঘ্য ৩৫০ মিটাৰৰ পৰা ৪০০মিটাৰ৷ডেমিয়ান চাইমনৰ মতে বান্ধটো ভাৰত আৰু নেপালৰ সৈতে চীনৰ সীমান্তৰ ট্ৰাইছেক্সনৰ পৰা উত্তৰত অৱস্থিত ৷ অবশ্যে ডেমিয়ান চাইমনৰ মতে বান্ধটো নিৰ্মাণ অৱস্থাত থকাৰ বাবে বান্ধটো নিৰ্মাণৰ আৰত থকা চীনৰ সঠিক উদ্দেশ্য জানিব পৰা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *