সূদীৰ্ঘ ৩০ বছৰৰ মুৰত প্ৰথমবাৰৰ বাবে তিব্বত ভ্ৰমণ চীনা ৰাস্ট্ৰপতি জিনপিঙৰ

Share

বনিতা বড়ো

প্ৰথম বাৰৰ বাবে বিতৰ্কিত সীমান্ত ভ্ৰমণ চীনা ৰাস্ট্ৰপতি জিনপিঙৰ । সূদীৰ্ঘ ৩০ বছৰৰ পিছত দেশৰ ৰাস্ট্ৰপ্ৰধান গৰাকীয়ে তিব্বত ভ্ৰমণ কৰা এয়াই প্ৰথম । উল্লেখযোগ্য যে ২০১২ চনত কমিউনিস্ট পাৰ্টুি অৱ চাইনাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত জিনপিঙৰ এয়াই হৈছে প্ৰথমটো তিব্বত ভ্ৰমণ । জিনপিঙৰ তিব্বত ভ্ৰমণকলৈ আৰম্ভ হৈছে এক ব্যাপক চৰ্চাৰ । বুধবাৰে চীনৰ ৰাস্ট্ৰপতি গৰাকীয়ে চীনৰ নিনচি বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত স্থানীয় নাগৰিক আৰু বিভিন্ন নেতাই তেওঁক উস্ণ আদৰণী জনায় । ৰাস্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণসূচীৰ জৰিয়তে অৰুণাচল সীমান্তত চীনে নিৰ্মাণ কৰি উলিওৱা বুলেট ট্ৰেইন প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে তিব্বতত থকা প’টালা পেলেচো পৰিভ্ৰমণ কৰে । উল্লেখযোগ্য যে প’টালা পেলেচ হ’ল তিব্বতৰ ধৰ্মগুৰু দেশান্তৰিত কৰা দালাই লামাৰ বাসভৱন । তাৰোপৰি ৰাস্ট্ৰপতি গৰাকীয়ে নিনচি চহৰ ভ্ৰমণ কৰি নিয়াং নদীও পৰিদৰ্শন কৰে। চীন চৰকাৰৰ সংবাদ সংস্থাই জনোৱা মতে তিব্বতৰ মাজেৰে বৈ যোৱা য়াৰ্লং ছাংফ অৰ্থাৎ অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্র নৈৰ বুকুত নিৰ্মাণ কৰি থকা নদীবান্ধটোও ৰাস্ট্ৰপতি গৰাকীয়ে পৰিদৰ্শন কৰে। ক‍েৱল সেয়াই নহয় চিয়াচেন তিব্বত ৰেল’ৱেই অৰুণাচল সীমান্তৰ পৰা নিনচি টাওনলৈ নিৰ্মাণ কৰি উলিওৱা ৰেলপথছোৱাৰ লগতে নিনচি টাওনৰ ৰেল স্টেচনটোও পৰিদৰ্শন কৰে। জিনহুৱাই প্ৰকাশ কৰা তথ্য মতে চীনা ৰাস্ট্ৰপতিগৰাকীয়ে তিব্বতৰ মূল চহৰ লাচাও পৰিভ্ৰমণ কৰে। উল্লেখ্য যে ২০১৪ চনত চীনে ভাৰতক প্ৰত্যাহ্ৱান জনাব পৰাকৈ অৰুণাচলৰ গাতে লাগি থকা নিনচি চহৰৰ পৰা ৪৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেল-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । প্ৰতিঘন্টাত ১৬০ কিলোমিটাৰ বেগেৰে বুলেট ট্ৰেইন চলিব পৰাকৈ নিৰ্মাণ কৰা এই ৰেল-পথছোৱা নিৰ্মাণৰ মূল উদ্দেশ্য আছিল সীমান্তৰ পৰা তিব্বতৰ ৰাজধানী লাচালৈ মাথো চাৰে তিনিঘন্টাতে অতিক্ৰম কৰিব পৰাটো । সীমন্তত স্্ৰস্টি হব পৰা যিকোনো জৰুৰীকালীন সময়ত যাতে চীনা সৈন্যই সীমন্তলৈ নিৰ্মাণ কৰা এই পথটো ব্যৱহাৰ কৰিব পাৰে । প্ৰসংগত : উল্লেখ্য যে কেৱল বুলেট ৰেলপথেই নহয় ভাৰত আৰু চীন সীমন্তলৈ সিচৰিত হৈ থকা ৩৪৮৮ কিলোমিটাৰ এল অ’ চি কাষেৰে চীনে অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰি লাদাখ প্ৰৰ্যন্ত ব্্ৰহৎ এক্সপ্ৰেছ হাইৱেও ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে । চীনৰ ৰাস্ট্ৰপতি গৰাকীৰ তিব্বত ভ্ৰমণে স্ৱাভাৱিকতে এতিয়া দিল্লী মহলক উদ্ৱিগ্ন কৰি তুলিছে । বৈদেশিক কূটনীতিসকলে জনোৱা মতে বিতৰ্কিত সীমন্তলৈ আহি চীনা ৰাস্ট্ৰপতি গৰাকীয়ে ভাৰতক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাইছে বুলি উল্লেখ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *