অনালি শৰ্মা
ইউৰোপত শিশুৰ বাবে মডাৰ্নাৰ ভেকচিনৰ অনুমোদন জনাইছে । ইউৰোপৰ ঔষধ নিয়ন্ত্ৰণক এজেন্সিয়ে এই অনুমতি দিয়াৰ উপৰিও ১২-১৭ বছৰৰ শিশুক এতিয়া এই ভেকচিন দিয়া হ’ব বুলিও জানিবলৈ দিয়ে । উল্লেখযোগ্য যে ইউৰোপত ইতিমধ্যে ১৮ বছৰ আৰু ১৮ত কৈ অধিক বয়সৰ লোকৰ বাবে এই ভেকচিনে অনুমোদন লাভ কৰিছিল । ৩,৭০০ শিশুক লৈ এই ভেকচিন পৰীক্ষা কৰাৰ হৈছিল । পৰৱৰ্তী সময়ত সেই শিশুসকলৰ দেহত এন্টিবডীৰ বিকাশ ধৰা পৰে । ইয়াৰ পাছতে ইউৰোপৰ ঔষধ নিয়ন্ত্ৰণক এজেন্সিয়ে এই ভেকচিন ব্যৱহাৰৰ বাবে অনুমতি দিয়ে । এই ভেকচিনৰ দুটা ড’জ লোৱাৰ পাছত আন লোক সকলৰ দৰেই শিশুৰ দেহতো সাধাৰণতে দেখিবলৈ পোৱা পাৰ্শ্বক্ৰিয়া সমূহ দেখা গৈছে বুলি মডাৰ্নাই জানিবলৈ দিছে । অৱশ্য এই ভেকচিনৰ পৰীক্ষণ সম্পূৰ্ণ নোহোৱাৰ আগলৈকে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ কিশোৰ – কিশোৰী সকলক ফাইজাৰ তথা বায়’এনটেকৰ ভেকচিনহে প্ৰদান কৰা হৈছিল ।