ছেপ্তেম্বৰত পুনৰ মুকলি হ’ব ১০,০০০ নতুন চাকৰিঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

Share
বৃহৎ ঘোষণা ! চাকৰি সন্দৰ্ভত  পুনৰ ষোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । ওদালগুৰি-ভৈৰৱকুণ্ড পথত ধনশিৰি নৈৰ ওপৰত আজি দলং নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভণি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উক্ত অনুষ্ঠানটিত পথ যোগাযোগ ব্যৱস্থাৰ চাৰিটা নতুন প্রকল্পৰ কথা ব্যক্ত কৰাৰ লগতে ৰাজ্যৰ সামগ্ৰিক বিকাশৰ প্রতি লক্ষ্য ৰাখি কেইবাটাও কল্যাণকামী আঁচনিৰ সম্পৰ্কে   বক্তব্য প্রদান কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি নিযুক্তিৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্রীগৰাকীয়ে ।
তেওঁ কয় যে -“আমাৰ ৰাজ্য চৰকাৰখনে নিৱনুৱাৰ কৰ্মসংস্থাপনৰ ওপৰত আটাইতকৈ গুৰুত্ব প্রদান কৰিছে। আমাৰ চৰকাৰ আহিলে আমি ১ লাখ নিযুক্তি দিম। কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিল । ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পাছত ৩০,০০০ আমি চাকৰি দিলোঁ। ছেপ্তেম্বৰ মাহত ৫ টা কামাণ্ডো বেটলিয়ানকে ধৰি আৰু ১০,০০০ চাকৰি আমাৰ নিৱনুৱা ল’ৰা-ছোৱালী সকলৰ কাৰণে আমি আগবঢ়াম। তাৰ সমান্তৰালভাৱে যোৱা দেওবাৰ আৰু তাৰ আগৰ দেওবাৰ যি গ্ৰেড-৩ ,গ্ৰেড-৪  পৰীক্ষা হৈ গ’ল তাৰ জৰিয়তে আমি প্রায় ৩০,০০০ ডেকা ল’ৰা-ছোৱালীক আমি চাকৰি দিম”।

Leave a Reply

Your email address will not be published. Required fields are marked *