১০ ছেপ্টেম্বৰত এছ আই টিয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ ৰাজহুৱা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৮ ফেব্ৰুৱাৰীত দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রীয়ে সম্বোধন কৰে এখন বিশেষ সংবাদমেল। অসম আৰক্ষীৰ চি আই ডিত ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ৪৮/৬১/১৫২/১৯৭(১)ৰ অধীনত ৰুজু হোৱা গোচৰ নম্বৰ ০৫/২০২৫ আৰু Unlawful Activities (Prevention) Act, 1967 ৰ ধাৰা নম্বৰ ১৩(১)ৰ অধীনত হোৱা অভিযোগৰ ভিত্তিত এছ আই টিয়ে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল।
সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে, “মই ছিংগাপুৰত এখন চামিটত থাকোতে সামাজিক মাধ্যমত এখন ফটো পাইছিলো, যিখন ফটোত সাংসদ গৌৰৱ গগৈয়ে ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰতিনিধি দল এটাক লৈ পাকিস্তান দূতাবাসলৈ গৈছিল। মই ভাবিছিলো ফটোখন ভুৱা; কিন্তু কংগ্ৰেছৰ নেতাই ফটোখনৰ সমৰ্থনত যুক্তি দিয়াত পাছত গম পালো যে ফটোখন মিছা নহয়। তাৰ পাছত বিষয়টো জনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। সেই প্ৰক্ৰিয়াত পোহৰলৈ আহিল পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰে থকা সম্পৰ্কৰ তথ্য।” মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুসন্ধান অনুসৰি পাকিস্তানি নাগৰিক আলী তৌকীৰ শ্বেখৰ লগত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ অতি ভাল সম্পৰ্ক আছিল। পাকিস্তানৰ সামৰিক বাহিনী, আই এছ আইৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা আলী তৌকীৰ শ্বেখ ‘লীড পাকিস্তান’ নামৰ সংস্থাৰ লগতে ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক (চি ডি কে এন)ৰ এছিয়াৰ মুৰব্বী। এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে ২০১১ চনৰ ১৮ মাৰ্চত লীড পাকিস্তানত যোগদান কৰিছিল। এলিজাবেথ এবছৰৰ বাবে ২০১২ চনৰ ১৭ মাৰ্চলৈ চুক্তিবদ্ধ আছিল। প্ৰথম ছমাহত প্ৰতিমাহে ২ লাখকৈ আৰু পৰৱৰ্তী সময়ত আঢ়ৈ লাখ পাকিস্তানী টকা লাভ কৰিছিল। অসম আৰক্ষীৰ অনুসন্ধানত এলিজাবেথে পাকিস্তানত থকা বেংক একাউণ্ট সন্দৰ্ভত কোনো কথা প্ৰকাশ নকৰিলে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, “২০১০ চনৰ পৰা ২০১৩ চনলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত আলী তৌকীৰ শ্বেখ ১৩ বাৰকৈ ভাৰতলৈ আহিছিল। কিন্তু বিজেপি চৰকাৰ গঠন কৰাৰ পাছত আলী তৌকীৰ শ্বেখৰ ভাৰত ভ্ৰমণ বন্ধ হৈছিল। ২০১৩ চনৰ ডিচেম্বৰত গৌৰৱ গগৈ লাহোৰলৈ গৈছিল, কিন্তু লাহোৰ গৈ পোৱাৰ পাছতেই তেওঁৰ ভিচা সংশোধন হৈছিল। Interior Ministry of Pakistan-এ তেওঁক ইছলামাবাদ আৰু কৰাচীলৈ যাবলৈ অনুমতি দিছিল। ২০১৩ চনৰ ১৪ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ গৌৰৱ গগৈ আছিল পাকিস্তানত। কিয় গৈছিল বুলি অসমৰ সংবাদ মাধ্যমে প্ৰশ্ন কৰাত তেওঁ পত্নীক সাক্ষাৎ কৰিবলৈ যোৱা বুলি কৈছিল; কিন্তু সেইটো সঁচা নহয়। কাৰণ তেতিয়া তেওঁৰ পত্নীয়ে ভাৰতত কাম কৰি আছিল। তেওঁ আটাৰী সীমান্তৰে পাকিস্তানলৈ গৈছিল। সেই সময়ত তেওঁৰ পিতৃ মুখ্যমন্ত্রী আছিল আৰু তেওঁ মুখ্যমন্ত্রীৰ বাসভৱনত আছিল; কিন্তু অসমৰ আই বিৰ ওচৰত তেওঁ পাকিস্তান যোৱাৰ কোনো তথ্য নাছিল। অতি গোপনীয় ভ্ৰমণ আছিল। সেই দহদিন তেওঁ ডিজিটেলিও নীৰৱ আছিল।”
মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতেই সাংসদ গৌৰৱ গগৈয়ে কয় যে, ‘‘মই আগতেই কৈছিলোঁ এয়া ফ্লপ হ’ব। এতিয়াতো কওঁ ‘ছুপাৰ ফ্লপ’ হ’ল। ১০ ছেপ্টেম্বৰত যিখিনি কথা ক’বলৈ বিচাৰিছিল, সেই কথাখিনি ক’বলৈ ছমাহ ৰৈ থাকিল কিয়? ছমাহ শুই থাকিল কিয়? ইমানে যদি গুৰুত্বপূৰ্ণ, তেন্তে বিগত ছমাহে কি কৰি আছিল? ছমাহ ফাইলৰ ওপৰত কিয় শুই আছিল? এতিয়া নিৰ্বাচন কাষ চাপিছে বাবে সাৰ পাইছে। মুখ্যমন্ত্ৰীয়ে দেখিছে কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ৰ সমৰ্থনত ৰাইজ ৰাজপথলৈ ওলাই আহিছে।’’ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি লগতে কয় যে, ‘‘নিৰ্বাচনৰ দুমাহ আগত সাৰ পালে। আচলতে তেওঁ নিজেই আশ্বস্ত নহয়। যোৱা তিনিদিনতে আমি বহু তথ্য ফাদিল কৰিছোঁ। তথ্যসহ আমি মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তথ্য ফাদিল কৰিম। তেওঁলোকৰ চিনেমা ফ্লপ হ’ল। আমাৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ হিট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান আৰু বিবেকক সন্মান কৰিবলৈ শিকক। ৰাইজক সন্মান কৰিবলৈ শিকক। আপোনালোকে ভাবে ৰাইজে একো বুজি নাপায়। ৰাইজে সকলো জানে, বুজি পায়। তেওঁলোকৰ নাটকখন আজি সম্পূৰ্ণৰূপে বিফল হ’ল। মোক ইমান ডাঙৰ নেতা বনোৱা বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনাইছোঁ। কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ মনত চলি থকা অস্থিৰতাবোৰ মুকলি কৰা বাবে ধন্যবাদ জনাইছোঁ।’’