মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জৰুৰী ঘোষণা যে ৰাজ্যৰ ৰাজহ বিভাগলৈ বিভিন্ন প্ৰান্তত থকা প্ৰতিজন চক্ৰ বিষয়াই দুবছৰ কাৰ্ষকাল সম্পূৰ্ণ কৰিব লাগিব ৷ দুবছৰ কাৰ্ষকাল সম্পূৰ্ণ কৰাৰ পিছতহে বদলি কৰা হব কোনো চক্ৰ বিষয়াক ৷ এই সন্দৰ্ভত ৰাজ্যৰ ৰাজহ বিভাগে এক নিৰ্দশনা জাৰি কৰে ৷বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠীয়ে জাৰি কৰা নিৰ্দশনাত কয় যে ৰাজ্যৰ একাধিক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বদলি নিযুক্তিৰ কাৰণে আৱেদন দাখিল কৰিছে ৷ যি কথা বিভাগৰ দৃষ্টিগোচৰ হৈছে ৷ চৰকাৰী বিধি নিয়ম অনুসৰি প্ৰতিজন বিষয়াই দুবছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবই লাগিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহ বিভাগক কঠোৰ নিৰ্দেশ জাৰি কৰে যে দুবছৰ কাৰ্যকাল সম্পূৰ্ণ নোহোৱাকৈ কোনো চক্ৰ বিষয়াক বদলি কৰা নহব ৷