গাহৰি মাংসৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষনা

Share

মাঘ বিহুৰ প্ৰাকক্ষনত গাহৰি প্ৰেমীৰ বাবে আহিল এটা ভাল খবৰ।অসমত বন্ধ নহয় গাহৰি মাংস।গাহৰি মাংস বিক্ৰিক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষনা।গাহৰি মাংস অসমৰ বিভিন্ন জাতি-জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে ভাল পায় আৰু তেওঁলোকৰ  পৰম্পৰাগত খাদ্য বুলি মন্তব্য কৰাৰ উপৰিও ৰাজ্যৰ থলুৱা ব্যঞ্জন আৰু সংস্কৃতিৰ সৈতে গাহৰি মাংসৰ ওতঃপ্ৰোত সম্পৰ্ক আছে বুলিও মতামত আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীয়ে।তাৰ সমান্তৰালভাৱে গুৱাহাটী পৌৰনিগমে যদি গাহৰি মাংসক লৈ জাননী জাৰী কৰিছে তেন্তে শীঘ্ৰেই প্ৰত্যাহাৰ কৰা হৱ বুলি সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । গাহৰি মাংস  বিক্ৰি আৰু কটাক লৈ কোনো বাধা নিষেধ আৰুপ কৰা হোৱা নাই  যদিও সঠিক স্থান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰাখিহে  মাংস বিক্ৰি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “অসমৰ জনজাতীয় লোকসকলৰ পৰম্পৰাসমূহক সন্মান কৰিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।”

Leave a Reply

Your email address will not be published. Required fields are marked *