১০ ডিচেম্বৰ আৰ্থাৎ কালি আছিল শ্বহীদ দিৱস। সমগ্ৰ অসমে স্মৰণ কৰিছিল জাতি, মাটি, ভেটিৰ বাবে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতিজন শ্বহীদক। ১৯৭৯ চনত ভোটাৰ তালিকাত অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম থকাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল অসম আন্দোলনৰ। অহিংসভাৱে আৰম্ভ হোৱা এই আন্দোলনে পাছলৈ হিংসাত্মকৰূপ ধাৰণ কৰিছিল। যাৰ ফলত বিভিন্ন হত্যাকাণ্ড সংঘতিত হৈছিল। ১৯৭৯ চনৰ ১০ ডিচেম্বত খৰ্গেশ্বৰ তালুকদাৰ এই আন্দোলনৰ প্ৰথমজন শ্বহীদ আছিল। এই ১০ ডিচেম্বৰ দিনটোতে অসম আন্দোলনৰ প্ৰত্যেকজন শ্বহীদক স্মৰণ কৰি সমগ্ৰ অসমে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।
এই শ্বহীদ দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি উদ্বোধন কৰিলে গুৱাহাটীৰ বৰাগাঁওস্থিত বিশাল শ্বহীদ স্মাৰক ক্ষেত্ৰ। ১১৬ বিঘা মাটিত ১৭০ কোটিৰো অধিক টকা ব্যয়ৰে ৮৬০ গৰাকী শ্বহীদৰ স্মৰণত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই শ্বহীদ স্মাকৰ ক্ষেত্ৰ। ১৩ মহলীয়া এই শ্বহীদ স্মাৰকৰ প্ৰৱেশ দ্বাৰত আছে দুফালে দুটা পুখুৰী, এটা অ’ডিটৰিয়াম, এখন মুকলি মঞ্চ, চাইক্লিংৰ বাবে পথ ইত্যাদি। ১৩ মহলৰ পৰা গুৱাহাটীৰ নান্দনিক পৰিৱেশ দেখাৰ লগতে গেলাৰীত শ্বহীদসকলৰ আৱক্ষ মূৰ্তি আৰু সেই সময়ৰ বিভিন্ন খৱৰ কাগজৰ আলোকচিত্ৰ সংৰক্ষণ কৰা হৈছে।
এই প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “২০২০ চনৰ ১০ ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা এই প্ৰকল্পটোৰ আধাৰশিলা কৰা হৈছিল। তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে এই শ্বহীদ স্মাৰক ক্ষেত্রৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত আজি অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অসমৰ শ্বহীদসকলৰ নামত এই স্মাৰকটো উছৰ্গা কৰিবলৈ পাইছোঁ। এই স্মাৰকটোৰ উচ্চতা ২২৫ ফুট। ইয়াৰ উচ্চ শিখৰত আৰোহণ কৰিলে গোটেই গুৱাহাটী মহানগৰীখন দেখা পোৱা যাব।” ইয়াৰ লগতে শ্বহীদ দিৱসৰ দিনাই অসমীয়া তথা ভাৰতীয় ৰাইজলৈ কেইটামান আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যিমানেই আৰ্থিক অৱস্থা বেয়া নহওক কিয় অচিনাকি ব্যক্তিক মাটি বিক্ৰী নকৰিব। কাৰণ আমি লাহে লাহে মাটি হেৰুৱাই আছোঁ। আমাৰ ব্যৱসায় বা আমাৰ উদ্যোগত অচিনাকি ব্যক্তিক চাকৰি নিদিব আৰু আমাৰ খেতিপথাৰত খেতি কৰিবলৈ অচিনাকি ব্যক্তিক নিদিব। কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকে তেওঁলোকৰ যিটো পৰিকল্পনা সেইটো বাস্তৱত ৰূপায়ণ কৰে। পিছত এসময়ত গৃহস্থকে তাৰ পৰা খেদি পঠিয়াই। সেয়েহে মই অনুৰোধ জনাওঁ যে কোনো কাৰণতে যেন অচিনাকি ব্যক্তিক অসমীয়াৰ বৰঘৰত সোমাবলৈ নিদিয়ে।”