মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ: ‘মিঞা’ মন্তব্যক লৈ মুখ্যমন্ত্ৰীক ব্যক্তিগত আক্ৰমণ ওৱেইছিৰ

Share

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াভাৱে এ আই এম আই এম ৰ নেতা আছাদুদ্দিন ওৱেছিয়ে চোকা ভাষাৰে সমালোচনা কৰিছে। ৰাজ্যৰ মিঞা সম্প্ৰদায়কলৈ অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক ব্যক্তিগত আক্ৰমণ এ আই এম আই এমৰ মুৰব্বীগৰাকীৰ।মুখ্যমন্ত্ৰীয়ে মিঞা চালকক ভাৰা কমকৈ দিয়া সন্দৰ্ভত কৰা এটা বিতৰ্কিত মন্তব্যৰ পাছতে এ আই এম আই এম ৰ নেতা গৰাকী সৰৱ হৈ পৰে।অসমত বৰ্তমান বিজেপিৰ চৰকাৰ। মুখ্যমন্ত্ৰীও আনেকি বিজেপিৰ ।

গতিকে কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিবা এটা ক’ব পাৰিবনে-যে “ৰিক্সা যদি ‘মিঞা’ই চলায় আৰু ভাৰা পাঁচ টকা হয়, তেন্তে তেওঁক চাৰি টকা দিব” ? অসমত ‘মিঞা’ বুলি ক’লে সেইসকলক বুজায় যিসকলক ১৫০-২০০ বছৰ পূৰ্বে ব্ৰিটিছে খেতি কৰিবলৈ আৰু কাম কৰিবলৈ অসমলৈ আনিছিল । তেওঁলোক ভাৰতীয় নাগৰিক । তেওঁলোকে বাংলা ভাষা কয় । “আপুনি ইমান সংকীৰ্ণ মানসিকতাৰ নে” ? বুলিও মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰে এ আই এম আই এমৰ ৰ নেতা গৰাকীয়ে।লগতে তেওঁ বিজেপি দলটো আৰু প্ৰধানমন্ত্ৰীকো প্ৰশ্ন কৰি কয় যে “আপোনালোকে উন্নত ভাৰতৰ কথা কয় । আপোনালোকে কয় যে আমি তৃতীয়  বৃহত্তম অৰ্থনীতি হ’ম । আপোনালোকে কয় যে আমি মহাশক্তি হ’ম । চন্দ্ৰত ঘৰ সাজিব লাগিব । কিন্তু ইয়াৰ বিপৰীতে ৰিক্সা এখনৰ বাবে টকা এটাও দিব নিবিচাৰে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *