কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আজিও ভয়াৱহ হৈ আছে অসম তথা উত্তৰ-পূবৰ বান পৰিস্থিতি।ৰাজ্যৰ ২২খনকৈ অধিক জিলাত ৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে।চলিত বৰ্ষতে বানত প্ৰায় বৰ্তমানলৈকে ৬জনকৈ লোকৰ মৃত্যু হৈছে।ইয়াৰ বিপৰীতে ভূমিস্খলনৰ ফলত মৃত্যুক সাৱতিছে ৫ জনকৈ লোকে।এই সন্দৰ্ভত আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাছাৰত উপস্থিত হৈ গভৰ্নমেণ্ট বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে।আৰু প্রায় ১,৭৫০গৰাকী বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে।মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ বানৰ কবলত পৰা কেইবাটাও এলেকা পৰিদৰ্শন কৰে।তেখেতে গভৰ্নমেণ্ট বয়জ হাইস্কুল, নৰ্মাল স্কুল, কেন্দ্ৰীয় বিদ্যালয়, কছমিক মাৰ্কেট মালিনীবিল, উকিলবজাৰ এল পি স্কুল আৰু হিৰণপ্ৰভা দেৱ শিশু মন্দিৰস্থিত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে সমস্যাসমূহ শুনি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰু জিলা আয়ুক্তক দৰকাৰী সামগ্ৰী আৰু চিকিৎসা ক্ষেত্ৰত সহায় নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।ইয়াৰ পাছত মাননীয় মুখ্যমন্ত্ৰীয়ে বৰাক নদীৰ সমীপৱৰ্তী তাৰাপুৰ শিৱবাৰী ৰোডৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে আৰু মাননীয় জলসম্পদ মন্ত্ৰী শ্ৰীপীযুষ হাজৰীকাৰ সৈতে প্ৰয়োজনীয় সুৰক্ষামূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰে।মাননীয় মুখ্যমন্ত্ৰীয়ে সকলোৰে সুৰক্ষাজনিত দিশটো নিশ্চিত কৰি ঔষধ, পৰিষ্কাৰ পানী যোগান আদি উপলভ্য কৰাৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়ে।তদুপৰি আশ্ৰয় শিবিৰত থকা লোকসকলক সকলো সহায় আগবঢ়াব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।লগতে তেওঁ সামাজিক মাধ্যমত লিখিছে যে-বান প্রভাৱিত সময়ত কাছাৰ আৰু অন্য স্থানৰ জনসাধাৰণৰ স্থিৰতাৰ প্ৰতি অন্তৰেৰে শলাগ লৈছোঁ।বাকী যিকোনো স্থানতে সাহায্যৰ পৰা উদ্ধাৰলৈ সকলো প্রয়োজনীয় সেৱাৰ বাবে আমি লগত আছোঁ।