লোকসভাৰ সমাগত নিৰ্বাচনকলৈ বিজেপিৰ প্ৰচাৰ অভিযান তুংগত। আজি কেৰেলাত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীৰ লোকসভা সমষ্টিত শক্তি প্ৰদৰ্শন দেখুৱাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত তীব্ৰগতিত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই আজি পুৱাৰ ভাগত কেৰেলালৈ ৰাওণা হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেৰেলাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে নামিব নিৰ্বাচনী প্ৰচাৰত। কেৰেলাৰ ৱাড়নাড় আৰু এৰ্নাকুলামত বিশাল ৰোড শ্ব’ অংশগ্ৰহণ কৰি ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুপৰীয়া ২:৩০ বজাত ৱাড়নাড়ত বিশাল ৰোড শ্ব’ অংশগ্ৰহণ কৰাৰ পাছতে সন্ধিয়া ৪ বজাত এৰ্নাকুলামত ৰোড শ্ব’ অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।