মেলেং মেটেলিত উপস্থিত হৈ লাচিত বৰফুকন প্ৰতিমূৰ্তিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Share

আজি যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মেলেং মেটেলিৰ লাচিত মৈদামত উপস্থিত হৈ বৃহৎ আকাৰৰ নিৰ্মাণ কৰি থকা লাচিত বৰফুকন প্ৰতিমূৰ্তিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অহা মাৰ্চ মাহত এই প্ৰতিমূৰ্তিটোৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ আজি এই কাৰ্যসূচীত মখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ লগতে উপস্থিত থাকে জিলা উপায়ুক্ত৷ এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে যোৰহাটৰ পৰা প্ৰায় ১৫-১৬ কিলোমিটাৰ দুৰত৷ এই প্ৰতিমূৰ্তিৰ লগত থাকিব দুটাকৈ মিউজিয়াম যি এতিয়াও নিৰ্মাণকাৰ্য অব্যাহত আছে ৷ লগতে এই মিউজিয়ামৰ লগত থাকিব এখন উদ্যান য’ত থাকিব শিশু সকলে খেলিব পৰা সুবিধা আৰু জেষ্ঠসকলে উপভোগ কৰিব পৰাকৈ কিছুমান বিশেষ ঠাই৷ ইয়াৰ লগত সংগতি ৰাখি কিছুমান বিশেষ সমৰ কলাৰ ব্যৱস্থা কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ইতিমধ্যে প্ৰতিমূৰ্তিটোৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে৷  

Leave a Reply

Your email address will not be published. Required fields are marked *