কালি অনুষ্ঠিত হোৱা ২০২৩ৰ IPL ত পঞ্চমবাৰৰ বাবে খিতাপ জয় চেন্নাই ছুপাৰ কিংছৰ । মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইনছক পৰাস্ত কৰি CSK য়ে আকৌ এবাৰ ২০২৩ ত IPL ৰ বিজয় হয় । আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰীকেট ষ্ট্ৰেডিয়ামত খেলা ৰোমাঞ্চকৰ ফাইনেলত CSK য়ে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছক অন্তিম বলত পৰাস্ত কৰিবলৈ সক্ষম হয় ।
CSKএ মুম্বাই ইণ্ডিয়ানছৰ দৰে সৰ্বাধিক ৫টা খিতাপ জয়ৰ অভিলেখ গঢ়ে। IPLৰ ফাইনেলত চেন্নাই চুপাৰ কিংছে ডাকৱৰ্থ-লুইছ নিয়মৰ অধীনত ১৫ অভাৰত জয়লাভ কৰি ১৭১ ৰাণৰ লক্ষ্য লাভ কৰে। বিজয়ী দল চেন্নাই চুপাৰ কিংছে ট্ৰফীৰ লগতে পুৰস্কাৰ হিচাপে ২০ কোটি টকা লাভ কৰে। আৰু ৰানাৰ-আপ গুজৰাট টাইটানছে পুৰস্কাৰ হিচাপে ১২.৫ কোটি টকা আৰু তৃতীয় স্থান দখল কৰা মুম্বাই ইণ্ডিয়ানছে ৭ কোটি টকা লাভ কৰে। একে সময়তে, চতুৰ্থ স্থান লাভ কৰা লক্ষ্ণৌ চুপাৰ জায়াণ্টছে ৬.৫ কোটি টকা লাভ কৰে।
IPL২০২৩ ৰ খিতাপ অৰ্জন কৰা চেন্নাই চুপাৰ কিংছ আৰু ৰানাৰ-আপ গুজৰাট টাইটানছল লগতে বেঙুনীয়া, অৰেঞ্জ কেপ বিজয়ী সকলৰ উপৰিও ছিজনৰ উদীয়মান খেলুৱৈ, সৰ্বাধিক সংখ্যক ছয়ৰ বাবে ধন লাভ কৰে।
আনহাতে , IPLৰ প্ৰথম ছিজনৰ বিজয়ীদলে ৪.৮ কোটি টকা লাভ কৰে। একে সময়তে, ৰানাৰ-আপক ২.৪ কোটি টকা দিয়া হয় ।