ডাম্পিং গ্ৰাউণ্ডৰ মই বিৰোধী’- ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি বিধায়ক অতুল বৰাই

Share

মাধুৰীমা ৰায়

গুৱাহাটী, ১২ আগষ্ট: চন্দ্রপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে চন্দ্রপুৰবাসীয়ে দিন-ৰাতি এক কৰি প্রতিবাদ অব্যাহত ৰাখিছে। ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ নিদিয়াৰ হুংকাৰ দি তেঁওলোকে প্ৰতিবাদী পদযাত্রা আৰম্ভ কৰিছিলে যদিও চৰকাৰৰ পৰা তেঁওলোকে কোনো ধৰনৰ সঁহাৰি পোৱা নাই। অৱশেষত এই ডাম্পিং গ্ৰাউণ্ড স্থাপনবিৰোধী মঞ্চৰ গনতান্ত্রিক আন্দোলনৰ আজি এমাহ সোতৰ দিন উকলি যোৱাৰ পাছত মৌনতাৰ অন্ত পেলাই অৱশেষত গুৱাহাটী প্ৰেছ ক্লাৱত অতুল বৰাই মন্তব্য কৰে যে- ‘চন্দ্রপুৰত কোনো কাৰণতে ডাম্পিং গ্ৰাউণ্ড হ’ব নোৱাৰে। ‘ডাম্পিং গ্ৰাউণ্ডক লৈ চন্দ্রপুৰবাসীক ভয় নাখাবলৈ ক’লে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

     উল্লেখ্য যে গুৱাহাটী প্ৰেছ ক্লাৱত এখন অসমীয়া মাহেকীয়া আলোচনী উন্মোচন অনুষ্ঠানত ভাগ লৈ বিধায়ক বৰাই চন্দ্রপুৰ ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে চন্দ্রপুৰৰ এই বিবাদ অতি শীঘ্রে আঁতৰিব। এই বিষয়তো সন্দৰ্ভত মুখ্যমন্ত্রীৰ লগত তেঁও আকৌ আলোচনা কৰিব বুলি কয় লগতে তেওঁ কয় যে ইতিমধ্যে চন্দ্রপুৰৰ খামব্ৰেঙা বিল সংৰক্ষণ কৰি অন্যতম পৰ্যটকৰ স্থলী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে কাম আৰম্ভ কৰিছে। তাৰোপৰি অসম আৰু মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভতো নিজৰ মত প্রকাশ কৰে অতুল বৰাই। তেঁও কয় যে চুবুৰীয়া ৰাজ্য হিচাপে আটাইকেইখন ৰাজ্য সাতভনী হিচাপে মিলা-প্ৰীতি হৈ থকাটো মই বিচাৰো।

Leave a Reply

Your email address will not be published. Required fields are marked *