পল্লৱী গগৈ
২০ আগষ্ট, গুৱাহাটীঃ অসম-মেঘালয়ৰ নতুন সংযোগী পথ মুকলি কৰা হ’ল মৌচিনৰুট-হাহিম বকো পথ।মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুভ উদ্ধোধন কৰে এই নতুন পথটো।অৰ্থনৈতিক উন্ময়নৰ ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা অসম-মেঘালয় সংযোগী ১৪.৬ কিলোমিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মান কৰে।
অসম চৰকাৰৰ লোকনিৰ্মান পথ বিভাগৰ ২০১৯-২০ বৰ্ষৰ এন ই আৰ এচ ডি এচ আঁচনিৰ অধীনত ২৫. ৯৩ কোটি ব্যয়েৰে উন্মীতকৰণ কৰা হৈছে মেঘালয়ৰ মৌচিনৰুট পৰা অসমৰ হাহিম বকো সংযোগী পথচোৱা।”হিমালয় কনষ্ট্ৰাকশ্যনে” নিৰ্মান কৰা পথচোৱা ৰাইজৰ যাতায়তৰ বাবে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, আলাপ আলোচনাৰ মাজেৰে অসম-মেঘালয় সীমান্তৰ সীমা সমস্যা সমাধান কৰা হ’ব।