অসমৰ আঠ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ পদক

Share

অসম আৰক্ষীৰ লগতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ। অসমৰ আঠ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কোন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ পদক। ‘অপাৰেশ্যন প্ৰঘাত’ৰ বাবে আৰক্ষী বিষয়া কেইগৰাকীয়ে লাভ কৰিছে এই বিশেষ বটাঁ।

উল্লেখযোগ্য যে, ২০২৪ চনৰ ১৯ ডিচেম্বৰত অসম আৰক্ষীয়ে বিশেষ অভিযানৰ দ্বাৰা অসমত এক আন্তঃৰাষ্ট্ৰীয় সংযোগ থকা জেহাদীৰ নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হৈছিল। ৮ টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছিল। সমগ্ৰ দেশৰ বিভিন্ন ঠাইত প্ৰায় একেলগে জেহাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা প্ৰথমটো অভিযান আছিল। এই অভিযানে জেহাদীৰ দেশজোৰা নেটৱৰ্ক স্থাপন বিফল কৰিছিল। চোৰাংচোৱাৰ নিশ্চিত তথ্যৰ ভিত্তিত অসম, পশ্চিমবংগ আৰু কেৰেলাত অভিযান চলাই ৮ টা জেহাদী ধৰা হৈছিল বুলি অসম আৰক্ষী অধীক্ষক হৰমীত সিঙে সদৰী কৰিছিল।

এই অভিযান আৰু তদন্তৰ অসাধাৰণ কামৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫ লাভ কৰা বিষয়া কেইগৰাকী হৈছেঃ আই জি পি পাৰ্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, এ পি এছ প্ৰণৱ কুমাৰ পেগু, উপ-আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ সিং হাজাৰী, পিদৰ্শক কপিল পাঠক, শংকৰজ্যোতি নাথ, সৰোজ দলে আৰু বিক্ৰম বসুমতাৰী। আন পাচঁ গৰাকী অসম আৰক্ষী বিষয়ালৈও তদন্ত লফলতাৰ বাবে ২০২৫ৰ এই বিশেষ বটাঁ আগবঢ়োৱা হৈছে। বিষয়া কেইগৰাকী ক্ৰমে- আৰক্ষী অধীক্ষক অখিলেশ কুমাৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক ফুলকৰ নাৰ্জাৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাস, এছ ডি পি অ’ প্ৰকাশ সোণোৱাল আৰু উপ-পৰিদৰ্শক উমেশ বৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫ৰ ঘোষণাৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে আটাইকেইগৰাকী আৰক্ষী বিষয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *