প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন, নাই আনন্দ-উল্লাহ, সকলোতে মাথোঁ শূন্যতা।তাৰ মাজতো শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে উদযাপন কৰিলে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ জন্মদিন।জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰিছে তেখেতৰ জন্মদিন। ৰাজ্যৰ ৫৩ টা স্থানত শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰ আয়োজন কৰে।বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই শিবিৰ মুকলি কৰে।এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে লগতে ৰক্তদানৰ জৰিয়তে জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
আনহাতে সদৌ অসম ছাত্র সন্থাৰ আহ্বান মর্মে সদৌ ডিব্রুগড় জিলা ছাত্র সন্থাই জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে জিলাখনৰ বিভিন্ন প্রান্তত ১৮ নৱেম্বৰত গছপুলি ৰোপণ কৰে।সমান্তৰালকৈ আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মর্মে কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত শিল্পীগৰাকীৰ জন্মদিন পালন কৰে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কটনীয়ানৰ সহযোগত ১৮ নৱেম্বৰ অৰ্থাত মঙ্গলবাৰৰ পৰা শিল্পীগৰাকীৰ ওপজা দিন জুবিন সপ্তাহ হিচাপে পালন কৰা হৈছে।
শিলচৰতো দহ সহস্ৰাধিকে লোকে অসমীয়া আৰু বঙালী ভাষাত গালে ‘মায়াবিনী’ । অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ প্ৰিয় শিক্ষয়িত্ৰী মিঠু মিছ।
জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ বন্ধুবৰ্গই গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত ‘পোহৰৰে চাকি’ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে ‘গীতে-মাতে’ উদযাপন কৰে জুবিনৰ ৫৩ বছৰীয়া ওপজা দিন । শিল্পী জে পি দাস, মনীষা হাজৰিকা, সূৰ্য্য গোস্বামী, মঞ্জুলা বৰুৱা, মিনু বণিয়া আৰু অৰুণ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ মঞ্চ মুকলি কৰে । মঞ্চ মুকলিৰ পাছতে জুবিন গাৰ্গৰ সানিধ্য লাভ কৰা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি তথা শিল্পীয়ে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি আৱেগিক হৈ পৰে ।
উল্লেখ যে, আজি সন্ধিয়া গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্রদ্ধাঞ্জলি জনাবৰ বাবে ৰাজ্যখনৰ প্রায় ৩০০ শিল্পী সমবেত হ’ব। এইদৰেই এতিয়া প্ৰাণৰ শিল্পী গৰাকীৰ অবৰ্তমানত প্ৰথমটো জন্মদিন উদযাপন কৰিছে ৰাজ্যবাসীয়ে।