দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত চলি থকা দুৰ্নীতিৰ এক ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। ৰোগীৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ধন সংগ্ৰহ কৰাৰ কাণ্ড সংঘটিত হৈছে। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ২ জন চিকিৎসককে ধৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চিকিৎসা সঁজুলি যোগানৰ বিনিময়ত কেৱল নগদ ধনেই নহয়, ইউ পি আইৰ জৰিয়তেও চিকিৎসকে উৎকোচ লৈছিল।এজাহাৰত উল্লেখ কৰা অনুসৰি কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ পাৰ্বতগৌড়া আৰু ডাঃ অজয় ৰাজে মুকলিকৈ উৎকোচ বিচাৰিছিল। এই লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা কোম্পানীসমূহৰ প্ৰতিনিধিৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰোগীৰ পৰা ধন আদায় কৰিছিল।নাগপাল টেকন’লজিছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী নৰেশ নাগপালে চিকিৎসালয়লৈ সঁজুলি যোগান ধৰি আহিছে। চলিত মাহৰ ২ মে’ত পাৰ্বতগৌড়াই নাগপালৰ পৰা সা-সৰঞ্জাম যোগানৰ বিনিময়ত উৎকোচ দাবী কৰিছিল। নৰেশ নাগপালে কৈছিল যে তেওঁ উৎকোচ দিব। তেওঁ আশ্বাস দিছিল যে অহা ৭ মে’ত আৰ এম এল হাস্পতালত তেওঁ উৎকোচ দি যাব।ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত পাৰ্বতগৌড়াই আব্ৰাৰ আহমেদৰ পৰা উৎকোচ দাবী কৰিছিল। আহমেদে যোগান ধৰা সা-সৰঞ্জামৰ বিনিময়ত এই উৎকোচ দাবী কৰিছিল তেওঁ। আহমেদক প্ৰায় ১ লাখ ৯৫ হাজাৰ টকা দাবী কৰিছিল পাৰ্বতগৌড়াক । এই ধন তেওঁ বেংক একাউন্টৰ জৰিয়তে দিবৰ বাবে আহ্বান জনাইছিল।উল্লেখ্য যে, ইউৰোপলৈ যোৱাৰ সময়ত চিকিৎসকগৰাকীয়ে এই ধন দাবী কৰিছিল। ইয়াৰ পিছত ২২ এপ্ৰিলত পাৰ্বতগৌড়াই আকৰ্ষ গুলতিৰ সৈতে যোগাযোগ কৰি তেওঁৰ পৰাও ঘোচ বিচাৰিছিল। এনেদৰে বহুলোকৰ পৰা তেওঁলোক টকা লুটিছিল। অৱশেষত এই চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে।