প্ৰাঞ্জল প্ৰতিম ডেকাৰ বিশেষ প্ৰতিবেদন
২ আগষ্ট:লাফিকুল হত্যাকাণ্ডৰ চাৰিটা বছৰৰ পিছত পোন-প্ৰথমবাৰৰ বাবে CBIএ ৰাজহুৱা কৰিলে তিনি হত্যাকাৰীৰ নাম আৰু ফটো ।
ঘোষিত হত্যাকাৰীকেইজন ক্ৰমে ৰূপা ব্ৰহ্ম,দিংকুৰ মুছাহাৰী আৰু ভদ্ৰেশ্বৰ বসুমতাৰী ।
“কোনে হত্যা কৰিছিল এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলামক ?”
সুদীৰ্ঘ চাৰি বছৰৰ মূৰত অৱশেষত উত্তৰ ওলাল এই লাখটকীয়া প্ৰশ্নটোৰ !
উল্লেখ্য যে লাফিকুলৰ হত্যাকাৰী নিৰ্ণয় কৰাটো বিজেপিৰ ৰাজনৈতিক প্ৰতিশ্ৰুতিও আছিল । প্ৰতিশ্ৰুতি পূৰ্ণ কৰিলে বিজেপিয়ে ।
অৱশ্যে CBIএ হত্যাকাৰী তিনিজনৰ নাম-ফটো ৰাজহুৱা কৰিছে যদিও এইপৰ্যন্ত সন্ধানহীন হৈ আছে তিনিওজন হত্যাকাৰী ।
হত্যাকাৰীৰ সন্ধান দিওতালৈ ২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে CBI এ ।