ভূৱা নথি পত্ৰৰে আৰক্ষীক মাটি বিক্ৰী কৰা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

Share
ভুৱা তথ্যৰে মাটি বিক্ৰী কৰি এইবাৰ জালত পৰিল বিজেপি নেতা ওম প্ৰকাশ ওৰফে প্ৰকাশ মিশ্ৰা। ওম প্ৰকাশ উত্তৰ প্ৰদেশৰ আমেঠিৰ এজন বিজেপি নেতা।
অভিযোগ অনুসৰি নেতা গৰাকীয়ে ভূৱা নথি পত্ৰ ব্যৱহাৰ কৰি আৰক্ষীক ২ কোটি টকাত মাটি এডোখৰ বিক্ৰী কৰে। আমেঠিৰ এই মাটি খিনিত পুলিচ লাইন নিৰ্মাণ কৰাৰ কথা আছিল। কেৱল ইমানেই নহয় বিক্ৰীৰ পূৰ্বে মাটি বন্ধকত ৰাখি বেংক অফ ইণ্ডিয়াৰ পৰা ৭৮ লাখ টকাৰ ঋণো লৈছিল নেতা গৰাকী।
আৰক্ষী অধীক্ষক এলামাৰণ জিয়ে সোমবাৰে কয়ঃ ”জালিয়াতি কৰা বিজেপি নেতা গৰাকীৰ  বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। ওম প্ৰকাশ বিজেপি দলৰ এগৰাকী দলীয় কৰ্মী।” 
বিক্ৰী দলিল কাৰ্যকৰী কৰাৰ পিছত বিজেপি নেতা গৰাকীয়ে আমেঠি আৰক্ষীৰ পৰা ১.৯৭ কোটি টকা লৈছিল। সেই সময়লৈ বিজেপি নেতা গৰাকীয়ে বেংকৰ পৰা লোৱা ঋণ সন্দৰ্ভত একো কোৱা নাছিল। বেংকৰ জাননী অহাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
ঘটনা সন্দৰ্ভত আমেঠি আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। লগতে নেতা গৰাকীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *