ভাৰত ভ্ৰমণ বাতিল কৰা হ’ল কানাডিয়ান গায়ক শুভৰ 

Share
গুৱাহাটী,২২ ছেপ্টেম্বৰ: কানাডিয়ান গায়ক আৰু ৰেপাৰ শুভ ওৰফে শুভনীত সিঙৰ আগন্তুক ভাৰত ভ্ৰমণ বাতিল কৰা হৈছে। শুভে শেহতীয়াকৈ পঞ্জাৱত অমৃতপাল সিঙৰ উত্থানৰ সময়ত ভাৰতৰ এখন বিকৃত মানচিত্ৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । এই মানচিত্ৰখনত জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাছিল। 
খালীস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত সৃষ্টি হোৱা মত বিৰোধৰ পিছত শুভৰ এই ফটো ভাইৰেল হয় । নিজৰ দীৰ্ঘদিনীয়া নীৰৱতা ভংগ কৰি শুভে তেওঁৰ ইনষ্টাগ্ৰামত শেহতীয়াকৈ এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি‌‌ছিল । তেওঁ কৈছিল,”ভাৰতৰ তথা পঞ্জাৱৰ এজন যুৱ ৰেপাৰ-গায়ক হিচাপে মোৰ প্ৰতিভা আন্তৰ্জাতিক মঞ্চত উপস্থাপন কৰাটো মোৰ জীৱনৰ বাবে সপোন আছিল । কিন্তু শেহতীয়া ঘটনাবোৰে মোৰ কঠোৰ পৰিশ্ৰমক যথেষ্ট আঘাত কৰিছে । ভাৰত ভ্ৰমণ বাতিল হোৱাত মই অত্যন্ত হতাশ পৰিছোঁ । মই মোৰ দেশৰ লোকসকলৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ বহুত উৎসাহিত হৈ আছিলোঁ । প্ৰস্তুতি সম্পূৰ্ণ ৰূপে চলি আছিল আৰু মই যোৱা দুমাহ ধৰি অনুশীলন কৰি আছিলো,ভাৰত মোৰ নিজৰ দেশ । মোৰ জন্ম ইয়াতে হৈছিল। এয়া মোৰ গুৰু আৰু মোৰ পূৰ্বপুৰুষসকলৰ দেশ, যিয়ে এই ভূমিৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল। পঞ্জাৱ মোৰ আত্মা,পঞ্জাৱ মোৰ তেজত আছে। মই আজি যি আছো সেয়া পাঞ্জাৱী হোৱাৰ কাৰণে। পাঞ্জাৱীসকলে দেশপ্ৰেমৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই । সেয়েহে, মোৰ নম্ৰ অনুৰোধ যে প্ৰতিজন পাঞ্জাৱীক বিচ্ছিন্নতাবাদী বা ৰাষ্ট্ৰবিৰোধী বুলি লেবেল লগোৱাৰ পৰা বিৰত থকা উচিত ।”

Leave a Reply

Your email address will not be published. Required fields are marked *