বুধবাৰে বিয়লি ৫ বজাত সামৰণি পৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বুধবাৰে প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰ চলায়। এই পৰ্যায়ত ৰাজ্যৰ ৫টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত নগাঁও সমষ্টিৰ লাহৰিঘাটত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ সমষ্টিটোৰ মাজবাট, কমলপুৰৰ লগতে জালুকবাৰীতো নিৰ্বাচনী প্ৰচাৰ চলায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বড়োলেণ্ডলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। আনহাতে, অহা জুলাই মাহত ৰাজ্যত আৰু ৫০ হাজাৰটা চৰকাৰী চাকৰিত নিযুক্তি বিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে।ইফাল কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি ৰেলপথলৈকে সকলো দিশতে উন্নয়ন সম্ভৱ হৈ উঠিছে।