১ ছেপ্তেম্বৰৰ পৰা বাছ ভাৰা বৃদ্ধি ৫০ শতাংশ

Share

সুপ্রিয়া তৰফদাৰ

গুৱাহাটী,২৩ আগষ্ট : পুনৰ বৃদ্ধি পাব বাছ ভাৰা৷১ ছেপ্টেম্বৰৰ পৰা বাছ সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছসেৱা আৰম্ভ হোৱাৰ লগে লগে ৫০ শতাংশ পর্যন্ত বাছ ভাৰা বৃদ্ধিৰ পোষকতা কৰিছে মটৰ পৰিবহণ সন্থাই৷

বেচৰকাৰী বাছসমূহৰ ভাৰা যদিহে চৰকাৰে ৭০ শতাংশ বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব৷দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাই এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে এলানি দাবীও উত্থাপন কৰে৷

লকডাউন সদৃশ পৰিস্থিতিত ৰাজ্যত বাছ সেৱা বিগত প্রায় ৪ মাহ বন্ধ হৈ থকাত ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দোহাই দি মটৰ পৰিবহণ সন্থাই এই কথা সদৰী কৰিছে৷গাড়ীসমূহৰ বীমাৰ ম্যাদ এবছৰলৈ বৃদ্ধি আৰু ৰ’ড টেক্সৰ পৰা বাছ মালিকসকলক ৰেহাই দিবলৈ সন্থাই দাবী উত্থাপন কৰিছে৷বাছ ভাৰা বৃদ্ধিৰ প্রস্তাৱে তুমুল প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷পৰিবহণ বিভাগে এই ক্ষেত্রত কি ভূমিকা লয় লক্ষণীয় হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *