মোদী নেতৃত্বাধীন চৰকাৰৰ বাজেট অধিৱেশন

Share

৩১ জানুৱাৰী অৰ্থাৎ অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰৰ এইখনেই হ’ব অন্তিমখন বাজেট অধিৱেশন। এই অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ১ ফেব্ৰুৱাৰী তাৰিখে ২০২৪-২৫ বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদৰ বাজেট অধিৱেশন সমাপ্ত হ’ব ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত।জানিব পৰা মতে, ২০২৪ ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বাবেই পূৰ্ণাংগ বাজেট দাখিল কৰা নহয় এইবাৰ। সাংবিধানিক ৰীতি অনুসৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট। ৩ মাহৰ বাবে দাখিল কৰা হ’ব ‘ভোট অন একাউণ্ট’ ।২০২৪_২৫ বৰ্ষৰ নতুন বাজেটত মহিলা, আৰু কৃষকৰ বাবে কেইবাটাও আঁচনি ঘোষণাৰ সম্ভাৱনা আছে সংসদৰ বাজেট অধিৱেশনত। সাংসদ ৰ বাজেট অধিৱেশনৰ পূৰ্বেই অনুষ্ঠিত হ’ব সৰ্বদলীয় বৈঠক। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনায় সৰ্বদলীয় বৈঠকৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *