সোমবাৰে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ ভাষণেৰে শুভাৰম্ভ কৰা হ’ল ২০২৪-২৫ বৰ্ষৰ বিধানসভাৰ বাজেট অধিৱেশন। পোন প্ৰথমবাৰৰ বাবে ৰাজধানী দিশপুৰৰ বাহিৰত অনুষ্ঠিত কৰা হৈছে কেবিনেটৰ বাজেট অধিৱেষণ। হিংসাজৰ্জৰ বড়োলেণ্ডৰ ভূমিত ৰচনা কৰা হ’ল এক নতুন ৰাজনৈতিক ইতিহাসৰ। অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে মন্ত্ৰী পৰিষদৰ এই অধিৱেশনে আশাৰাদী কৰি তুলিছে বডোলেণ্ডবাসী ৰাইজক। সোমবাৰে পুৱাই পাচঁখন দিশপুৰৰ পৰা বিশেষ বাছেৰে বিধায়কসকলক লৈ যোৱা হয় গন্তব্যস্থানলৈ। এই অধিৱেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত সাজু কৰা হৈছে ১২৬খন আসন। অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ উপৰিও বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত পৰীক্ষা কেলেংকাৰীৰ প্ৰতিবেদন দাখিল কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই বাজেট অধিৱেষনখনতে বড়োলেণ্ড স্বায়ত্ব শাসিত এলেকাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। এই অধিৱেশনত বিৰোধী দলৰ নেতা মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰি অধিৱেশন সূচাৰোৰূপে পৰিচালনা কৰাত সহযোগীতা আগনঢ়াই। পিছে শিৱসাগৰৰ বিধায়ৰ অখিল গগৈয়ে ৰাজ্যপালৰ ভাষণৰ তীব্ৰ বিৰোধীতা কৰি তেওঁৰ ভাষণত ষষ্ঠ অনুসূচী অন্তৰ্গত এলেকাসমূহৰ উন্নয়নৰ প্ৰসংগই কিয় স্থান নাপালে বুলি প্ৰশ্ন উত্থাপন কৰে। যিহেতু তেথখেতৰ ভাষণত মা কামাখ্যা আৰু মহাপুৰুষ দুজনাৰ কথা উল্লেখ কৰা হৈছে।