বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ বিস্ফোৰণ।হাৰিয়ানাত ২৫ টাকৈ ভোট প্ৰদান কৰে এগৰাকী ব্ৰাজিলৰ মডেলে।ডিল্লীত অনুষ্ঠিত এখন সাংবাদিক সন্মিলনত এই অভিযোগ উত্থাপন কৰে সংসদৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে।পূৰ্বে কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত ভুৱা ভোটাৰ ভৰাই নিৰ্বাচনত জয়ী হোৱাৰ সমান্তৰালকৈ এইবাৰ হাৰিয়ানাৰ ভুৱা ভোটাৰৰ অভিযোগ উত্থাপন কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এইচ বোমা অথবা হাইড্ৰ’জেন বোমা ফুটাম বুলি কৈছিল আৰু বিহাৰ নিৰ্বাচনৰ পূৰ্বে সেই বোমা ফুটালে সাংবাদিক সন্মিলনত|পূৰ্বে তিনিখন বিজেপি শাসিত আৰু কংগ্ৰেছ শাসিত ৰাজ্যত ভুৱা ভোটাৰ তালিকা প্ৰস্তুত কৰি নিৰ্বাচন আয়োগে বিজেপিক জয়ী কৰোঁৱা বুলি জানিবলৈ দিয়ে। দেশৰ সংবাদমাধ্যমে বিষয়টোৰ সন্দৰ্ভত যথাস্থানলৈ গৈ তাৰ প্ৰমাণ উদ্ধাৰ কৰি সংবাদ মাধ্যমত প্ৰকাশ কৰে।ৰাহুল গান্ধীৰ এই অভিযোগ নিৰ্বাচনী আয়োগে নস্যাৎ কৰে।ৰাহুল গান্ধীয়ে আৰু দাবী কৰে যে হাৰিয়ানাৰ দুই কোটি ভোটাৰৰ ২৫ লাখেই ভুৱা।সেই ২৫ লাখ ভোটাৰ হাৰিয়ানাৰ মুঠ ভোটাৰৰ ১২% আৰু সেই ২৫ লাখ ভোটাৰেই ২০২৪ ৰ নিৰ্বাচনত বিজেপিক জয়ী কৰোঁৱা বুলি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰে।ব্ৰাজিলৰ মডেলৰ ওপৰিও আন এগৰাকী মহিলা ভোটাৰৰ ফ’টো দুটা ভোটকেন্দ্ৰত ২২৩ বাৰকৈ লাভ কৰিছে বুলি জানিবলৈ দিয়ে।ব্ৰাজিলৰ মহিলা গৰাকীৰ ফ’টো ২২ টা ভোটকেন্দ্ৰত লাভ কৰে ৰাহুল গান্ধীয়ে।বিহাৰ নিৰ্বাচনৰ পূৰ্বে তোলা এই অভিযোগে এন.ডি.এ মিত্ৰজোঁটত কেনে প্ৰভাৱ পেলাব সময়ত হ’ব লক্ষ্য়ণীয়।