ভাৰতীয় ফুটবল অনুৰাগীলৈ আহিছে ভালখবৰ।ব্ৰাজীলৰ ফুটবলাৰ তাৰকা নেইমাৰৰ দুভৰিৰ যাদুৱে ফুটবল খেলিব এইবাৰ ভাৰতভুমিত । এ এফ চি কাপে আনিছে এই ভাল খবৰটো।এইবাৰ এ এফ চি চেম্পিয়ন লীগৰ মেচখন ভাৰতত অনুষ্ঠিত হ’ব।উক্ত মেচখনত নেইমাৰে খেলাৰ সম্ভাৱনা আছে ।
ভাৰতৰ মাটিত নেইমাৰৰ দুভৰিৰ ফুটবল খেলৰ যাদু চাবলৈ সুযোগ পাব ভাৰতীয় ফুটবল অনুৰাগী সকলে । জানিব পৰা মতে নেইমাৰে অল হিলাল নামৰ ক্লাৱত যোগদান কৰিছে,এই ক্লাৱটোৰ সৈতে একেটা গ্ৰুপতে স্থান লাভ কৰিছে মুম্বাইৰ চিটি এফ চি য়ে । আশাবাদী এতিয়া ভাৰতীয় ফুটবল প্ৰেমীসকল।