যান্ত্ৰিকতাৰ ফলত পৰিৱেশৰ প্ৰতি নামি আহিছে ভাবুকি। বিশেষকৈ জীৱকুলৰ ওপৰত ইয়াৰ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা গৈছে । প্ৰকৃতি তথা পাৰিপাৰ্শ্বিক ভাৰসাম্য অনুকূলে ৰাখিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও চৰাই-চিৰিকটি, গছ-গছনিকে ধৰি মানৱ জাতিৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে জীৱকূলৰ প্ৰতি নামি আহিছে মহাসংকট। এইবাৰ বিশ্বনাথত দুষ্প্ৰাপ্য বৰটোকোলা চৰাইৰ পোৱালি মৃত্যুৰ গুৰুত্বৰ অভিযোগ উঠিছে।
জানিব পৰামতে , বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াৰ পুৰণি এচ বি আইৰ সমীপৰ কোচ গাওঁৰ এক এলেকাৰ কেইজোপামান গছত দীৰ্ঘদিনৰে পৰা প্ৰায় ২০টামান অতি দুষ্প্ৰাপ্য বৰটোকোলা চৰাইয়ে বসবাস কৰি আহিছিল। লগতে সেই গছজোপাত বৰটোকোলা চৰাইৰ পোৱালি পৰ্যন্তও আছিল। কিন্তু পৰিতাপৰ বিষয় যে বনবিভাগে অঞ্চলটোৰ গছকেইজোপা কটাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও কোনো দুষ্কৃতিকাৰীয়ে কাটি তহিলং কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। চৰাই কেইটাৰ বাসস্থলী হেৰুৱাৰ ফলত উৰিব নোৱাৰা পোৱালিকেইটাৰ মৃত্যু হোৱা বুলি গুৰুত্বৰ অভিযোগ উঠিছে। প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ পথত থকা দুষ্প্ৰাপ্য বৰটোকোলা চৰাইৰ বাসস্থলী ধবংসকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী কৰি যোৱা ৩০ অক্টোবৰ তাৰিখে বাসস্থলীই বিশ্বনাথ জিলা আয়ুক্তলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।
এই দুষ্কৃতিকাৰী চক্ৰটোৰ বিৰুদ্ধে বিশ্বনাথ জিলা প্ৰশাসন, পুৱ শোণিতপুৰ বন সংমণ্ডলৰ বিষায়াই কেনেধৰণৰ আইনী পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়ত হ’ব লক্ষণীয়।
|
ReplyForward
|