পল্লৱী গগৈ
মিজোৰাম,৩১ জুলাই: মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ। তাৰোপৰি আৰক্ষী বিষয়াৰ ওপৰতো গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে। ২৬ জুলাইত দুয়ো ৰাজ্যৰ সীমান্তত সংঘটিত হোৱা গুলীয়া গুলী ঘটনাটোক লৈ হত্যাৰ অপচেষ্টা আৰু অপৰাধমূলক ষড়যন্ত্ৰ ৰচনাৰ গোচৰ তৰা হৈ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ পৰ্যায়ৰ অসম আৰক্ষী বিষয়াৰ বিৰুদ্ধে। ইয়াৰ লগতে দুগৰাকী আমোলা আৰু ২০০ গৰাকী অসম আৰক্ষীৰ বিৰুদ্ধেও গোচৰ তৰিছে মিজোৰাম আৰক্ষীয়ে।