ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত পুনৰ উজলিল বকোৰ ইলিনা ৰাভা

Share
নিউজ ডেস্কঃ কেৰালাত অনুষ্ঠিত হোৱা এই বৰ্ষৰ ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত পুনৰ পদকেৰে উজলিল বকোৰ ইলিনা ৰাভা। নিজৰ একাগ্ৰতা আৰু অধ্যাবসায়ৰ ফলত এটাৰ পাছত আনটো সন্মান লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈ গৰাকী। ইলিনা ৰাভা বকো ৰাজহ চক্ৰৰ কলিয়াবড়ী গাওঁৰ যুৱকৰ্মী স্বপন ৰাভা আৰু কবিতা ৰাভাৰ কন্যা।
উল্লেখ্য যে, অসম দলৰ হৈ উশ্বু খেলত ৫৬ কেজি শাখাত খেলি চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈ গৰাকী। এই ৰাষ্ট্ৰীয় গেম কেৰালাৰ ভি কে কৃষ্ণা মেলন ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *