বড়োলেণ্ড বিশ্ববিদ্যালয়কলৈ হৈ থকা খেলিমেলিৰ তদন্তৰ বাবে ৰাজ্যপালে এক তিনিজনীয়া উচ্চ পৰ্যায়ৰ তদন্তকাৰী দল গঠন কৰি বিশ্ববিদ্যালয়খনলৈ পঠিয়াই ৷ যোৱা মঙলবাৰে তদন্তকাৰী দলটো বিশ্ববিদ্যালয়খনত উপস্থিত হোৱাত বিভিন্ন দল-সংগঠন ক্ৰমে বড়ো সাহিত্য সভা, এবছু, বিটিআৰ আক্ৰাছু, এবিএমছু, ৰাভা ছাত্ৰ পৰিষদ আদিয়ে সাক্ষাৎ কৰে আৰু তেঁওলোকে এখন স্মাৰকপত্ৰও তদন্তকাৰী দলটোৰ হাতত তুলি দিয়ে ৷
স্মাৰকপত্ৰখনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণ কৰি নতুন উপাচাৰ্য নিযুক্তি দিব লাগে দাবী উত্থাপন কৰে ৷ দল-সংগঠনবোৰৰ মতে এই লাডু সিঙৰ বাবে বিশ্ববিদ্যালয়খনৰ নামভৰ্তিৰ অনিয়মীয়াকৰণৰ পৰা আদি কৰি সময়মতে পৰীক্ষা পাতিব নোৱাৰাৰ লগতে ফলাফল ঘোষনাৰ ক্ষেত্ৰতো যথেষ্ঠ বিসংগতি কৰি অহা বুলি তেঁওৰ বিৰুদ্ধে বহুতো অভিযোগ আছে ৷ যাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ ঐতিহ্য যাতে ঘূৰাই আহে তাৰ বাবে দল-সংগঠনবোৰে এই ক্ষেত্ৰত মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশ্ববিদ্যালয়খনৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷