ৰাজীৱ কলিতাৰ প্ৰতিবেদন
৬ আগষ্ট: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অসন্তুষ্ট শিক্ষাৰ্থীয়ে দিব পাৰিব বিশেষ পৰীক্ষা।শিক্ষাৰ্থীসকলে নিজৰ বিদ্যালয়ৰ জৰিয়তে বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব।কিন্তু পূৰ্বতে ঘোষণা কৰা ফলাফলত যিসকল শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছিল তেওঁলোকে এই বিশেষ পৰীক্ষাত বহিব নোৱাৰিব।বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা শিক্ষাৰ্থীয়ে আটাইকেইটা বিষয়ৰ থিয়ৰী পৰীক্ষাত বহিব পাৰিব। বিকল্প মূল্যায়ন পদ্ধতিৰে লাভ কৰা ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীয়ে ১২ আগষ্টৰ নিশা ৯ বজাৰ ভিতৰত নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিব লাগিব।