দিল্লীৰ উপ-মুখ্যমন্ত্ৰীলৈ বিজেপিৰ অ’ফাৰঃ বিজেপিলৈ আহিলে সকলো গোচৰৰ পৰা মুক্ত হ’ব মনিষ ছিচ’দিয়া

Share
ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ’দিয়ালৈ বিজেপিৰ অ’ফাৰ। আম আদমী পাৰ্টি এৰি বিজেপিলৈ আহিলে চিবিআই আৰু ইডিত থকা সকলো গোচৰৰ পৰা মুক্ত হ’ব মনিষ ছিচ’দিয়া। ইতিমধ্যে টুইটাৰত এই বিস্ফোৰক টুইত কৰিছে মনীষ ছিচ’দিয়াই। ছিচ’দিয়াৰ এই টুইটাৰ পাছতেই এতিয়া সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
মনীষ ছিচ’দিয়াই এই প্ৰস্তাৱৰ ওপৰত ৰিটুইট কৰি কয় যে মই এজন  ৰাজপুত, মহাৰণা প্ৰতাপৰ বংশধৰ। মই মোৰ মূৰটো কাটি দিম কিন্তু দুৰ্নীতিগ্ৰস্ত ষড়যন্ত্ৰকাৰী সকলৰ সন্মুখত হাৰি নাযাও বুলি বিজেপিৰ প্ৰস্তাৱ অস্বীকাৰ কৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *