অৱশেষত বহু অপেক্ষাৰ অন্তত দেওবাৰে ঘোষিত হ’ল চত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম। উল্লেখ্য যে ৩ ডিচেম্বৰত হৈ যোৱা নিৰ্বাচনৰ ফলাফলত চত্তিশগড়ত বিজেপিয়ে জয়লাভ কৰাৰ পাছত ১০ ডিচেম্বৰত ঘোষনা কৰা হ’ল মুখ্যমন্ত্ৰী নাম । বৰ্তমান চত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰূপত বিষ্ণু দেও চাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই নিৰ্বাচিত কৰা এই সিদ্ধান্ত পৰ্যবেক্ষকে গ্ৰহন কৰে।পৰ্যবেক্ষক দলটোৱে এক বৈঠক অনুস্থিত কৰি জনজাতীয় নেতাগৰাকীক নিৰ্বাচিত কৰে মুখ্যমন্ত্ৰীৰূপে ।চত্তিশগড়ৰ পৰ্যবেক্ষক ৰূপে বাছনি কৰা হৈছিল কৃষি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বন্দৰ আৰু জাহাজ পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্মন্ত কুমাৰ গৌতম।
মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতে নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে – মুখ্যমন্ত্ৰী হিচাবে মই চৰকাৰৰ জৰিয়তে বিজেপিৰ সংকল্প পত্ৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ চেষ্টা কৰিম। চৰকাৰে কৰা প্ৰথম কামটো হ’ব আৱাস আঁচনিৰ অধীনত ১৮ লাখ ঘৰৰ অনুমোদন।উল্লেখ্য যে, ২০২০ চনৰ পৰা ২০২২ চনলৈ চত্তিশগড়ৰ বিজেপিৰ অধ্যক্ষৰ পদত নিযুক্ত আছিল বিষ্ণু দেও চাই । ৩ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষনা হোৱাৰ প্ৰায় ৭ দিন পাছতহে ঘোষনা কৰা হ’ল মুখ্যমন্ত্ৰী গৰাকীৰ নাম। নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিৰ দলটোক লাভান্বিত কৰি আগুৱাই নিব বুলি আশা কৰা হৈছে।