এম চি ডিৰ মেয়ৰৰ নিৰ্বাচনত ভোটদান আৰম্ভ হোৱাৰ পূৰ্বে শুকুৰবাৰে চিভিক চেন্টাৰত মনোনিত কাউন্সিলাৰৰ শপত গ্ৰহণৰ সন্দৰ্ভত এক বিশাল হুলস্থুলৰ সৃষ্টি হয়। দিল্লী মেয়ৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু আপৰ কাউন্সিলাৰৰ মাজত সংঘৰ্ষ হোৱাৰ লগতে ইজনে সিজনৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰে। আজি দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনৰ পিছতে দিল্লীয়ে নতুন মেয়ৰ, উপ মেয়ৰ আৰু সদনৰ অধ্য়ক্ষ বাছনি কৰা দেখা যায়।আনহাতে, আম আদমী পাৰ্টীয়ে শালী ওবেৰয়ক আৰু বিজেপিয়ে মেয়ৰ পদৰ বাবে ৰেখা গুপ্তাক প্ৰক্ষেপ কৰে। ভোটদানৰ সময়ত কংগ্ৰেছে ওলাই যোৱাৰ সন্দৰ্ভত আম আদমী পাৰ্টীৰ নেতা তথা মুখপাত্ৰ সৌৰভ ভৰদ্বাজে কয় যে, ভোটদানৰ সময়ত কংগ্ৰেছে লোৱা সিদ্ধান্তৰ বাবে বিজেপিৰ প্ৰত্য়ক্ষভাৱে লাভৱান হৈছে। বিশেষকৈ স্থায়ী সমিতিৰ নিৰ্বাচন। ইয়াৰোপৰি কয় যে দিল্লীৰ উপ-ৰাজ্য়পালৰ জৰিয়তে কংগ্ৰেছে জয়ী হোৱা মুছলমান কাউন্সিলাৰসকলক বিজেপিয়ে পদ আৱন্টন দি কংগ্ৰেছৰ স্থায়ী সমিতি নিৰ্বাচনত বিজেপিৰ সহায় হয়। যদিও সৌৰভ ভৰদ্বাজে মেয়ৰ তথাপি উপ-মেয়ৰকে ধৰি স্থায়ী সমিতিত তেওঁৰ দলে বিজয়ী লাভ কৰিব বুলি জনায়। আম আদমী পাৰ্টীয়ে আশংকা কৰি কয় যে, বিজেপিয়ে ২৭৪ টা ভোটেৰে স্থায়ী সমিতত প্ৰৱেশ কৰিব পাৰে আৰু ২৫০ জন নিৰ্বাচিত কাউন্সিলাৰ দিব পাৰে। ইয়াৰ সমান্তৰালকৈ দিল্লীৰ ৭জন লোকসভা সাংসদ,৩জন ৰাজ্য়সভাৰ সাংসদ আৰু মনোনীত লোকসকলৰ ভিতৰত ১৪জন বিধায়কেও ভোটদানত অংশ লয়।
আনহাতে,স্থায়ী সমিতিৰ ৬টা পদৰ বাবে প্ৰতিদন্দ্বিতা কৰিছে ৭গৰাকী প্ৰাৰ্থী। আম আদমী পাৰ্টীয়ে আমিল মাসিক,ৰমিন্দৰ কৌৰ,মোহিনী জীনৱাল আৰু সৰিকা চৌধাৰীক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ে স্থায়ী সমিতিৰ প্ৰাৰ্থী হিচাপে কমলজীত ছেহৰাৱত,গজেন্দ্ৰ দৰাল আৰু পংকজ লুথ্ৰাক প্ৰাৰ্থী হিচাপে লয়।