চলিত জানুৱাৰীতে ঘোষণা হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি

Share

শাসিত  বিজেপি দলটোৰ পৰৱৰ্তী  ৰাজ্যিক সভাপতি কোন হ’ব । ইয়াকলৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ  সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । চলিত জানুৱাৰীতে  ৰাজ্যিক – সভাপতিৰ নাম ঘোষণা কৰা হ’ব । যিহেতু পঞ্চায়ত নিৰ্বাচন , আগন্তক  ২০২৬ ৰ বিধানসভা নিৰ্বাচন সমাগত । গতিকে বিজেপিৰ শাসিত দলটোৱে ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰোতে দক্ষতা আৰু যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত কৰাত গুৰুত্ব দিয়াটো নিশ্চিত । কিন্তু  কোন-কোন বিজেপি নেতাৰ ৰাজ্যিক সভাপতি পদৰ বাবে চৰ্চা চলিছে  সেইটোহে উল্লেখনীয় । প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস  আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী , সাংসদ দিল্লীপ শইকীয়া আদিৰ নাম বিশেষভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে । আনহাতে পৰৱৰ্তী ৰাজ্যিক সভাপতি বৰ্তমানৰ ভৱেশ  কলিতা হোৱাটোও একো আচৰিত  কথা নহয় ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *