গুৱাহাটী,২৯ আগষ্টঃআজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷
বিয়লি ৪ বজাত অসমত উপস্থিত হ’ব ৰাষ্ট্রীয় সভাপতিগৰাকী।
গুৱাহাটীস্থিত বিজেপিৰ উত্তৰ-পূব কাৰ্যালয় পদ্মভৱন বিয়লি 8.৩০ বজাত মুকলি কৰিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।মিছন ২৪ ৰ লক্ষ্যৰে দুদিনীয়া ভ্ৰমণসুচীৰে উত্তৰ-পূবলৈ আহিব জে পি নাড্ডা।
উল্লেখ্য যে,উত্তৰ পূৰ্বাঞ্চলৰ তিনি কেন্দ্ৰীয়মন্ত্ৰী আৰু চাৰি গৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শুভমুকলি কৰিব বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ নৱ নিৰ্মিত পদ্মভৱন কাৰ্য্যালয়।
তদুপৰি সভাপতি গৰাকীয়ে অংশ গ্ৰহণ কৰিব দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত ।