গুৱাহাটী,৮ ডিচেম্বৰঃ যিকোনো মুহূতত ক্ষমতা হেৰুৱাব পাৰে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই।কেইবামাহো ধৰি সন্ধান নাই আঙুৰলতাৰ।যাৰ ফলত সাংগঠনিক কাম-কাজ আগবঢ়া নাই।লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ২টা মাহ থকাত বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ সাংগঠনিক কাম-কাজত আনুষ্ঠানিক অনুপস্থিতিয়ে এতিয়া দৃষ্টিগোচৰ কৰিছে সকলোৰে।সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত আঙুৰলতা ডেকা আছিল বিজেপিৰ আটাইতকৈ ক্ষমতাশালী মহিলা নেত্ৰী।প্ৰথম অৱস্থাত বিজেপিত দপদপাই আছিল আঙুৰলতা।কিন্তু হাৰিয়ানাৰ বিজেপি নেতা ৰবীন্দ্ৰ ৰাজুৱে অসমৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিচৰে পৰা বাজপিয়ী ভৱনত কমিল আঙুৰলতাৰ গুৰুত্ব।তাৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত নাম ওলাইছিল আঙুৰলতা ডেকাৰ।কিন্তু এতিয়া সেই নামৰ পৰাও বাদ পৰিছে সভানেত্ৰীগৰাকীৰ।জানিব পৰা মতে সভানেত্ৰীগৰাকীয়ে নতুন দিল্লীত খুলীছে নমামী নামৰ এখন অতিথিশালা।
আনহাতে শীঘ্ৰে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ পৰা অপসাৰিত হ’ব আঙুৰলতা।লোকসভা নিৰ্বাচনৰ পূৰ্বে আঙুৰলতাৰ সলনি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মহিলা মৰ্চাৰে অন্যতম সাধাৰণ সম্পাদক পূৰৱী ৰায় বা অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি স্বপ্না বণিয়া হ’ব পাৰে।