বিজেপি চৰকাৰৰ চলি আছে বেয়া দিন।এটাৰ পাছত আন এটা বিপদে লগ এৰা নাই বিজেপিৰ ভিতৰচ’ৰাত।সিদ্ধাৰ্থ ভট্টাচার্যৰ বিস্ফোৰক মন্তব্য পাছতেই পদত্যাগ কৰিব এসময়ৰ শক্তিশালী বিজেপি নেতা ৰাজেন গোঁহাইয়ে।বিৰোধীৰ ওপৰত হঁহা বিজেপি শিবিৰ এতিয়া হৈ পৰিছে দুৰ্বল।
ৰাজেন বৰগোঁহাইয়ে কয় যে আজি গুৱাহাটীলৈ আহি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ পত্ৰ দাখিল কৰিব।বিজেপিত সংঘাত নাই বুলি মন্তব্য কৰি কয় যে আজিৰে পৰা মই অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদ এৰিম।ইয়াৰ লগে লগে মোৰ কেবিনেট মৰ্যদাও নোহোৱা হ’ব।
তেওঁ লগতে এইটো কয় যে তেখেতৰ পদত্যাগৰ কাৰণ ন-পুৰণি বিজেপিৰ সংঘাত নহয় ,ইয়াৰ বেলেগ কাৰণ আছে আৰু লগতে তেওঁ কয় যে মই কেতিয়াও দল ত্যাগ নকৰো,কেৱল পদবীহে এৰিম।মুখ্যমন্ত্ৰীক পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত বিশ্লেষণ কৰি সকলো কথা কম বুলিও কয় বিজেপি নেতাগৰাকীয়ে।নগাঁও লোকসভা সমষ্টিটো কিহৰ বাবে আজি উৰ্চগা কৰা হ’ল সেই প্ৰশ্নই মোক খুন্দিয়াইছে।ইয়াৰ উত্তৰ বিচাৰিম বুলি বিজেপি নেতা গৰাকীয়ে কয়।
পদত্যাগৰ পাছত এইবাৰ ৰাজেন গোঁহাইয়ে কি বিস্ফোৰণ ঘটাই সেইয়া লক্ষ্যণীয় হ’ব।কিন্তু এটা কথা নিশ্চিত যে বিৰোধীবিহীন বিজেপিৰ এতিয়া তললৈ নামি যোৱাৰ অৱস্থা।