ৰাজীৱ কলিতাৰ প্ৰতিবেদন
৭ আগষ্ট: উত্তৰ প্ৰদেশ হল ভাৰতবৰ্ষৰ এখন অগ্ৰণী ৰাজ্য।ভাৰতৰ শাসন ব্যৱস্থা মজবুত কৰি ৰাখিবলৈ উত্তৰ প্ৰদেশৰ নিৰ্বাচনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সমাগত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দল এতিয়া ব্যস্ত নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাত।বিজেপি দলো ইয়াৰ ব্যতিক্ৰম নহয়। বিজেপি দলেও ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। দলীয় কৰ্মীক উৎসাহিত কৰিবলৈ বা মন্ত্ৰনা দিবলৈ শনিবাৰে উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা।জে পি নড্ডাই তেখেতৰ দুদিনীয়া ভ্ৰমণসূচীত দলীয় কৰ্মীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশ ল’ব।